Assamese jokes, Assamese funny teacher student jokes

Assamese  funny teacher student jokes, Teacher Student Jokes in Assamese,
শিক্ষক আৰু ছাত্ৰ কৌতুক

Here are some funny teacher student jokes in Assamese.


1.
শিক্ষক: তুমি চৰাইৰ বিষয়ে সকলো জানা?
ছাত্ৰ: জানোঁ ছাৰ।
শিক্ষক: এইটো কোৱা, কোনবোৰ চৰাইয়ে 🐦উৰিব নোৱাৰে?
ছাত্ৰ: মৃত চৰাইয়ে।
***পুৰস্কাৰ হিচাপে শিক্ষকে ছাত্ৰৰ গালত পাঁচটা আঙুলিৰ ছাপ 👋 আঁকি দিলে***😁😁😁😄😄😄




2.
শিক্ষক: বাক্যটো ইংৰাজীলৈ 🇬🇧 অনুবাদ কৰা; "বসন্তই মোক ঘোঁচা মাৰিলে।
ছাত্ৰ: বসন্তপঞ্চমী😎😎😎





3.
ইঞ্জিনীয়াৰিঙৰ ছাত্র: ছাৰ, আমি কলেজত এনেকুৱা এটা বস্তু বনাইছো যাৰ সহায়ত আপুনি বেৰৰ পিছফালৰ বস্তুৱো দেখা পাব।
অধ্যাপক(আনন্দেৰে): বাহ!বৰ ভাল। কি বস্তু বনাইছানো?
ছাত্র: বেৰত বিন্ধা এটা বনাইছো ছাৰ।😊
অধ্যাপক: দৌৰা ইয়াৰপৰা বদমাইচ!😬😬😬





4.
শিক্ষক: বিদেশ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন?
পিংকু: সীতা
***শিক্ষক বেহোচ😀😀😀***





5.
ক্লাছ শিক্ষকে গাধ এটাৰ সন্মুখত এটা পাত্ৰত পানী আৰু এটা পাত্ৰত মদ 🍷ৰখাত গাধই পানীখিনিহে পান কৰিলে। শিক্ষকে ছাত্ৰসকলক সুধিলে...
শিক্ষক: ছাত্ৰসকল ইয়াৰপৰা কি শিকিলা?
ছাত্ৰসকল: যিয়ে মদ নাখায় সিয়ে গাধ🐎।
***শিক্ষক বেহোচ***😁😁😁😁😁





6.
শিক্ষক: আপেল 🍎 এটা গছৰপৰা 🌳 কিয় তললৈ সৰি পৰে, ওপৰলৈ উৰি নাযায় কিয়?
ছাত্ৰ: কাৰণ আপেলৰ গাত চৰাইৰ নিচিনাকৈ কোনো ডেউকা নাথাকে।
***শিক্ষক বেহোচ***😉😉😉😉





7.
শিক্ষক: টকা 💰 আৰু মগজুৰ  যিকোনো এটা ল'ব দিলে কি ল'বা?
ছাত্ৰ: টকা
শিক্ষক: মই মগজু ললোঁহেতেন।
ছাত্ৰ: মেডাম আপুনি ঠিকেই কৈছে...যাক যিটো বস্তুৰ প্ৰয়োজন সি সিটোৱে ল'ব।
***শিক্ষকৰ চকু খঙতে ৰঙা হ'ল***😤😤😬😬😬





We hope you like our collection of teacher student jokes in Assamese. We will add more jokes in this list in future, so kindly bookmark this site.

If you have any question or suggestion please leave a comment below. Want to submit some jokes or article on our sites? Just mail me at mirrorassam@gmail.com .

No comments:

Post a Comment